শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ ৫৩ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি বণিয়াবাৰীস্হিত কেম্পাচ্ত আৰু বেতবাৰী চোমনিচুকত স্হানীয় প্ৰায় পাচ শতাধিক লোকৰ মাজত হেন্দ ছেনিটাইজাৰ ,মাস্ক আদি বিতৰন কৰা হয়৷
মহাবিদ্যালয়ৰ এন এছ এছৰ গোটৰ উদ্যোগত বিতৰন কৰা এই অনুস্হানৰ আৰম্ভণিতে অধ্যক্ষ ড° সৌমাৰ জ্যোতি মহন্তই কৰনা মহামাৰীক প্ৰতিৰোধৰ বাবে সমাজৰ সৰ্বস্তৰৰ লোকৰ মাজত সজাগতাৰ প্ৰয়োজন বুলি উল্লেখ কৰি চৰকাৰী সকলো নিৰ্দেশনা মানি চলাৰ বাবে আহ্বান জনায়৷অধ্যাপক ড° ৰাতুল শৰ্মা,ড°দেৱজিত চহৰীয়া,ড°প্ৰদীপ গগৈ,কৌৰাঙ্গ বৰগোহাঞি,প্ৰফুল্ল শইকীয়া আদিয়েও বক্তব্য প্ৰদান কৰি কৰনাক প্ৰতিৰোধৰ বাবে আহবান জনায়৷
এন এছ এছৰ সমণ্বয়ক ড° ৰাতুল দত্তই আত ধৰা অনুস্হানটিত উপস্হিত থকা লোকসকলে কলেজ খনে প্ৰতিষ্ঠা দিৱস উপলক্ষে লোৱা ভুমিকাক ভূয়সী প্ৰশংসা কৰে৷ইয়াৰ পূৰ্বে কলেজ প্ৰাংগণত পুৱা অধ্যক্ষই পতাকা উত্তোলন কৰাৰ পাচত অধ্যাপক ৰাজুমনি