ঐতিহাসিক বৰপুখুৰী পাৰত এক নান্দনিক পৰিৱেশৰ মাজত অৱস্থিত শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ চৌহদত যোৱা বৃহস্পতিবাৰে অনুষ্ঠিত হয় "আঘোণৰ কবিতাৰ আবেলি" শীৰ্ষক এটি কবিতানুষ্ঠান। মহাবিদ্যালয়খনৰ অৰ্থনীতি বিভাগ, সাংবাদিকতা আৰু গণ-সংযোগ কেন্দ্ৰৰ উদ্যোগত আৰু শিৱসাগৰৰ স্বেচ্ছাসেৱী সংগঠন অদম্যৰ সহযোগত অনুষ্ঠিত হোৱা কবিতাৰ অনুস্থানটোত উপস্থিত থাকে জিলাখনৰ ভলেকেইজন ন-পুৰণি কবি। অনুষ্ঠানৰ আৰম্ভণিতে মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সৌমাৰজ্যোতি মহন্তদেৱে আদৰণি ভাষণ প্ৰদান কৰে। অসমৰ স্বনামধন্য কবি প্ৰেম গগৈয়ে বন্তিপ্ৰজলন কৰি শুভাৰম্ভণি কৰা কাব্যনুষ্ঠানত উদ্বোধনী ভাষণ প্ৰদান কৰে গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সব্যসাচী মহন্তদেৱে। বিশিষ্ট কবি, সাহিত্যিক প্ৰেম গগৈ দেৱৰ সঞ্চালনাত অনুষ্ঠিত হোৱা উক্ত কাব্যানুষ্ঠানত সদ্য প্ৰয়াত কবি সনন্ত তাঁতীদেৱলৈ শ্ৰদ্ধা জনাই সকলোৱে এক মিনিট মৌন প্ৰাৰ্থনা কৰে। এই কাব্যানুষ্ঠানত উপস্থিত থাকে শিৱসাগৰৰ সন্মানীয় কবি ক্ৰমে - ত্ৰিদিব বৰগোঁহাই, গংগামোহন মিলি, অনিল পাংগিং, মাধৱ জ্যোতি দেউৰী, বিজয় ৰবি দাস, মেঘালী হাজৰিকা কাকতি, অশ্ৰুমণি দত্ত ঘোষ, তুলিকা চেতিয়া য়েইন, অংকুৰন আৰ্ফকে ধৰি বহুকেইজন কবি। কবিতানুষ্ঠানটো তত্ত্বাৱধান কৰে মহাবিদ্যালয়খনৰ অধ্যাপক ডঃ হৰেন হাজাৰিকা আৰু ডঃ পংকজ জ্যোতি হাজৰিকাই। বিশিষ্ট কবিসকলৰ উপৰিও মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে কবিতা পাঠ আৰু নৃত্য-গীতেৰে আবেলিটো জীপাল কৰি তোলে৷