Ex Logo

E-library

All students who have applied for various scholarships in NSP (National Scholarship Portal) are requested to check their Application Status through NSP Students login before last date. || Logo

শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়

ডিব্ৰুগড় বিশ্ববিদ্যালয়, অসমৰ অধীনস্থ
Logo Logo

SIBSAGAR COMMERCE COLLEGE

AFFILIATED TO DIBRUGARH UNIVERSITY
ESTD: 1969
Logo

ESTD:1969

শিৱসাগৰ বাণিজ্য মহাবিদ্যালয় সংগীত

কথা : ৰেণু দেৱী (প্ৰাক্তন অধ্যাপিকা)

সুৰ : ৰাতুল কাকতি (প্ৰাক্তন ছাত্ৰ)

।।বাণিজ্যে বসতে লক্ষ্মী।।

আন্ধাৰ দূৰতে নাশি

জ্ঞানৰ শলিতা জ্বলাই

চৌদিশ আমি উজ্বলাও।

বণিজৰ বতৰাৰে

লখিমীক আদৰি

ৰংপুৰ আমি উজ্বলাও।

নতুন যুগৰ আমি নতুন পুৰুষ

দুবাহুত শকতি অসীম

লুইতৰ বুকুৱেদি দেশ-বিদেশ ঘূৰি

মুকুতাৰে আইক সাজাওঁ।

আন্ধাৰ দূৰতে নাশি .......

কলা বিজ্ঞান আৰু মহান সংস্কৃতিৰ

দেখিছো ৰূপ তাৰ জয়জয়কাৰ

বাণিজ্যেহে সজালে

বাণিজ্যেহে পৰালে

বাণিজ্যেই হ'ল তাৰ মূল আধাৰ।

য'ত ধনবান আৰু শক্তিমান

দেশৰ সভ্যতাৰ আধাৰ

বাণিজ্যকে সাৱটি লওঁ আহা আদৰি

বাণিজ্য শিক্ষাই মন্ত্ৰ আমাৰ।

আন্ধাৰ দূৰতে নাশি

জ্ঞানৰ শলিতা জ্বলাই

চৌদিশ আমি উজ্বলাও

ৰংপুৰ আমি উজ্বলাও।।